জীৱনঃ মোৰ উপলব্ধিত (৩)




নিজৰ সৈতেঃ 

 

আচলতে মই কি জানো, কি মানো সেয়া ময়ো নাজানো! কি চাব বিচাৰি কোনফালে গুচি যাওঁ নাজানো দেখোন! কিবা পালেও লাগে ইয়াকে বিচাৰি আছিলো নে? এয়াই আছিল নে মোৰ প্রতীক্ষাৰ শেষ? কিহৰ বাবে হাহাকাৰ কৰে মনে? কিয় নাই ক’তো সন্তুষ্টি? কেতিয়াবা ভাবো আটাইবোৰ পাত সৰি যোৱাৰ পিছতো ঠিয় হৈ থকা গছবোৰৰ কথা, উঘালি দলিয়াই দিয়াৰ পিছতো পুনৰ গজি উঠা গছবোৰৰ কথা! কেনেকৈ পাৰে? পাৰে নহয় আচলতে! তাহাঁতি জানে শিপাবলৈ! শিপাই খামুচি ধৰিবলৈ জানে মাটি! তাহাঁতি জানে সিহঁতৰ স্থিতি খামুচি থাকিব পৰাতেই… শিপাই থাকে যিমান দূৰলৈকে পাৰে… আটাইবোৰ পাত সৰি উদং হোৱাৰ পিছতো! 

কেতিয়াবা উৰাই-ঘূৰাই নিজকে পঢ়োঁ! কেতিয়াবা লাগে পাৰি গ’লোঁ! কেতিয়াবা লাগে হাৰি গ’লোঁ! কেতিয়াবা লাগে গৈ আছোঁ, পামগৈ… দুদিন দেৰি হ’লেও কোনো কথা নাই! …কোনে জানো কৈছিল “দৌৰাৰ যি ভাগৰ, খেদাৰো একেই ভাগৰ!” দৌৰিবলৈ সকলোৱে পাৰে নিজৰ গতিত। ময়ো পাৰিছোঁ। কিন্তু মই যে সঠিক বাটেৰেই দৌৰিছো সেইটো কেনেকৈ জানিম? নজনাকৈয়ে মাথোঁ দৌৰি থাকি বাটৰ শেষত গৈ কি পাম? বাটৰ শেষতো যে অনেক বাট! কিয় দৌৰি আছো জানিলেহে কোন বাটে যাম সেয়া জানিম। কিয় দৌৰি আছো নাজানিলে ৰৈ দিয়াৰ বাদে আৰু কি গত্যন্তৰ আছে? ‘কিয়’ আৰু ‘ক’লৈ’ দৌৰি আছো, সেয়া জানিলেই চাগে’ দৌৰি থাকিও ভাগৰ নলগা হয়! 

কেতিয়াবা লাগে গৈ আছোঁ, ৰৈ তো যোৱা নাই… কোনো কথা নাই… এদিন পামগৈ… য’ত এদিন ৰৈ যাব লাগিব। য’ৰপৰা আৰু গৈ থকাৰ কোনো প্রয়োজন নাথাকিব। ৰৈ যাবলৈকে জানো গৈ থকা নাই? হেৰুৱাবলৈকে জানো সকলোবোৰ প্রাপ্তি বুলি সামৰি সামৰি লোৱা নাই? ভাল লাগিছে বুলি গুণগুনাইছো, হেৰুৱাই কান্দিছো, নোপোৱাখিনিৰ বাবে খং কৰিছো, ভুলবোৰৰ বাবে অনুশোচনা কৰিছো, কৰা ভুলকে পুনৰ কৰিছো…! শিকিছো বুলি কৈ পাহৰিছো কিয়? একেবোৰ ভুলকে বাৰে বাৰে কৰিছো কিয়? 

মই আজি যি সেয়া কালি নাছিলো আৰু কালিলৈও নাথাকিম। কিন্তু আজিত আমি ইমানেই বেছি ব্যস্ত হৈ থাকো যে আজিক “আজি”ৰ দৰে অনুভৱ কৰিবলৈ আহৰিয়েই নাপাওঁ, যেতিয়ালৈকে ই “কালি” হৈ নাযায়! সেয়ে ভাবোঁ, কেতিয়াবা কিছু সময়ৰ বাবে হ’লেও নিজকে সঁজাত বন্দী কৰি থ’ব লাগে, অকলে! আমি ব্যস্ততাৰ অজুহাতত উপেক্ষা কৰি থকা কিছুমান “সঁচা”ক তেতিয়াহে উপলব্ধি কৰিব পাৰোঁ! …আৰু এনেকৈয়ে আমি সলনি হওঁ প্রতিদিন! সংশোধন কৰিব পাৰোঁ নিজক! ... আৰু আজিৰ দিনত বহুতে কোৱাৰ দৰে কেৱল গৈ থকাটোৱেই জীৱন হৈ থকা নাই! নির্দিষ্ট লক্ষ্য এটালৈ গৈ থকাহে জীৱন, আৰু তাকে পাবলৈ গৈ থাকোঁতে বাটত পোৱাখিনিহে ‘এডভেঞ্চাৰ’! 

 

ওলোটা চিন্তাবোৰঃ 

 

(১) 

ব্যৱহাৰ কৰিব লগীয়া বস্তু এটাক সাঁচি থৈ দিয়াটোক মৰম কৰা বুজায় নে অনাদৰ কৰা বুজায়? জাৰৰ দিনত ল’বলৈ আপুনি মোক ধুনীয়া শ্বল এখন দিলে আৰু সেইখন মই কোনোদিন ব্যৱহাৰ নকৰাকৈ বাকচত তলা মাৰি থৈ দিলোঁ! আপুনি সেইখন জাৰত উম দিবলৈহে দিছিল মোক! আপোনাক কিতাপ এখন দিলো “পঢ়িব দেই” বুলি! আপুনি তাক বাকচত ভৰাই তলা লগাই থ’লে! মই কিয় দিছিলো কিতাপখন? নিশ্চয় কিবা কথা আছিল তাত! নহ’লে সেই বিশেষ কিতাপখনেই নো কিয় দিলোঁ? 

ব্যৱহাৰযোগ্য বস্তু এটা আমি বেয়া হৈ যাব বুলি থৈ দিয়াটোক মৰম বুলিম নে অনাদৰ কৰা বুলি বুজিম? আচলতে সেয়া আমাৰ অতিমাত্রা মৰম! কেতিয়াবা এই 'মোহ'টো অপকাৰী, মানসিক স্বাস্থ্যৰ কাৰণে! মানে কথাটো এনেকুৱা হ’ল যে ছাতিটো বৰষুণত ল’লে বেয়া হৈ যাব, গতিকে তাক বাকচত ভৰাই থলোঁ! 

(২) 

কিছুমান কাম কৰিবলৈ মোৰ কেতিয়াবা খুব লাজ লাগে। আকৌ কেতিয়াবা কৰিব নোৱাৰা, কৰিম বুলি নভবা কাম কিছুমানো খঙৰ ভমকত কৰি দিওঁ! লাজ থকালৈকে আমি কিছুমান "বেয়া বুলি ভবা" কাম কৰিবলৈ সাহস নকৰিম! খং থকালৈকে আমি অন্যায় অবিচাৰৰ বিপক্ষে মাত মাতিব পাৰিম (সমাজৰ কথালৈ নাহোঁ, নিজৰ লগতে নিজৰ মানুহকেইটাৰ বাবে তো থাকিব পাৰিম!) আকৌ কথাই কথাই খং উঠিছে বুলিয়েই কাৰোবাক পিটিবলৈ খেদি যোৱা, লাজ লাগিছে বুলিয়েই নিজৰ কৰণীয় কামৰপৰা আঁতৰি থকাটোও জানো উচিত? এই কৰা নকৰা কামবোৰৰ (কাণ্ড) শেষত যেতিয়া নিজক সন্মুখত লৈ বহোঁ, ভাব হয় আচলতে আমাৰ লাজ, খং, ভয়… এই অনুভূতিবোৰ থাকিবই, ইহঁতক আমি নোহোৱা কৰিব নোৱাৰো! অলপমান লাজে নকৰিবলগীয়া কাম কিছুমানৰপৰা আমাক দূৰত ৰাখে। অলপমান খঙে কৰিব নোৰাৰিম বুলি ভবা কিছুমান কাম কৰি পেলোৱাত সহায় কৰে! সকলোবোৰৰে প্রয়োজন আছে! কথাটো হ'ল ইহঁতক আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিম! 

 

(৩) 

আমি মাক-দেউতাক কিছুমানে ল'ৰা পোৱালিটোক ছোৱালী সজাও, ছোৱালীক ল'ৰা সজাও! (ধেমালি আৰু স্ফূৰ্তি যদিও) ইও "মানুহ কেতিয়াও পোৱাখিনিক লৈ সন্তুষ্ট নহয়" বোলা কথাষাৰৰেই আংশিক প্ৰতিফলন নহয়নে? মুখত মাত ফুটা-নুফুটা সময়ত প্রায়েই দেখা যায় সৰু ল’ৰা-ছোৱালীবোৰক বেয়া শব্দ দুটামান আমি ডাঙৰবোৰেই শিকাই দিওঁ! সিহঁতি একো বুজি নোপোৱাকৈয়ে যেতিয়া সেইবোৰ কয় আমি খুব স্ফূর্তি পাওঁ! কিয়? আমাৰ চকুৰ আগতে যেতিয়া আমাৰ ল’ৰা-ছোৱালীয়ে দুই এটা সৰু সৰু ভুল কৰি থাকে আমি তাক “এহ কিমান নো বয়স হৈছে? নিজেই বুজিব পিছত!” বুলি এৰাই চলোঁ! এনেকৈয়ে আওকাণ কৰি থাকোতে থাকোতে যদি সৰু সৰু ভুলবোৰ এদিন ডাঙৰ হৈ যায়? 

মাক-দেউতাক সন্তানৰ স’তে ইমানখিনি সহজ আৰু মৰমিয়াল হ’ব লাগে যাতে তাহাঁতি বন্ধুৰ দৰে কথাবোৰ ভগাই ল’ব পাৰে, একে সময়ত ইমানখিনিলৈ কঠোৰ হ’ব লাগে যাতে ভুল এটা কৰাৰ পিছত সেয়া স্বীকাৰ কৰিব পাৰে আৰু ইমানখিনিলৈ শ্রদ্ধা কৰিব পৰাকৈ গঢ়িব লাগে যাতে কিবা ভুল কাম এটা কৰো বুলি কৰাৰ আগতে ভাবিবলৈ বাধ্য হয়। 

আজিকালি লাগ বুলিলেই যিকোনো বস্তু ল’ৰা-ছোৱালীৰ হাতত তুলি দিব পৰাটোক কিছুমান মাক-দেউতাকে বৰ জহৰ কথা বুলি ভাবে! সেই গপচতেই সন্তানে লাগে বুলি আব্দাৰ ধৰা বস্তু এটা প্রয়োজনীয় নহ’লেও দি দিয়ে! ইয়াৰ ফলত আগলৈ কি হ’ব সেয়া আমি ভাবি নাচাওঁ। বহু কিবাকিবি হোৱাৰ ভিতৰত তাহাঁতৰ যে সহ্য গুণ একেবাৰেই নোহোৱা হ’ব সেইটো খাটাং আৰু বিচাৰিলেই নোপোৱা বস্তুটোৰ বাবে খঙত কি কৰিছে তাৰ উদাহৰণো আছে নিশ্চয়! সন্তানক সহনশীল আৰু দয়াবান হ’বলৈ শিকাব লাগে। সেয়া শিকিব তেতিয়াহে যেতিয়া সিহঁত অভাৱৰ স’তে চিনা-পৰিচয় হ’ব, অভাৱক অনুভৱ কৰিব জানিব! 

 

(৪) 

মই সাধাৰণতে বিশেষ ব্যক্তিৰ আত্মজীৱনী পঢ়িবলৈ ভাল নাপাওঁ! তেওঁলোকৰ জীৱনৰ খলা-বমাবোৰেও মোক বৰ বিশেষ আকর্ষণ কৰিব নোৱাৰে! সেয়ে চাগে' তেওঁলোকক অনুকৰণ কৰিবলৈও মোৰ মন নাযায়! এনেকুৱাও নহয় যে মই তেওঁলোকৰ কথাবোৰ ভাল নাপাওঁ। পাওঁ, তেওঁলোকৰ জীৱনৰ কথাবোৰেই আমাক কথা কিছুমান ভাবি চাবলৈ শিকায়! কিন্তু সেই বুলিয়েই তেওঁলোকৰ ধৰণেৰেই মই মোক ভাঁজ দিব নিবিচাৰো! মোৰ ধৰণেৰে নিজৰ জীৱনটো অনুভৱ কৰিবলৈ হেঁপাহ জাগে! যিবোৰ পৰিস্থিতিৰ মই সন্মুখীন হ'ম, সেইখিনিৰ স'তে মই কেনেকৈ মোকাবিলা কৰিম সেয়া মোৰ নিজৰ ওপৰত এৰি দিব বিচাৰো! 

এতিয়া হয়তো আপুনি ভাবিব তেন্তে মই এই কথাবোৰ কিয় লিখি আছোঁ? ময়ো তো মোৰ কথাবোৰ হে লিখি আছোঁ! মই আগতেও লিখিছিলো যে ইতিবাচক কথা কিছুমান কৈ আছো মানে এইটো নহয় যে ময়ো সেইবোৰ নিজৰ জীৱনত মানি চলিব পাৰিছো; হয়তো বহু ক্ষেত্রত নাই পৰা! আপুনি হয়তো ক’ব “তেন্তে আগতে নিজে কৰি দেখুৱাওক, তাৰ পিছত আনক কওক!” হয়, আপুনি একেবাৰে সঠিক কথাকেই ভাবিছে! “উপদেশতকৈ আর্হি ভাল।“ মই কিন্তু উপদেশো দিব বিচৰা নাই, সেয়া কৰিবলৈ মই কোনোফালৰপৰাই যোগ্য নহয়! 

এইখিনিতে মই অলপদিন আগতে পঢ়া সাধু এটা কওঁ, শুনক_ “সময় হেনো এটা ওলোটা খাই থকা পঁইতাচোৰাৰ দৰে। যেতিয়া পঁইতাচোৰা একোটা ওলোটা খাই পৰি থাকে সি লৰচৰ কৰিব নোৱাৰে, কেনিও যাব নোৱাৰে; ঠেং কেইটা আৰু শুংদুডাল জোকাৰি থকা দেখিহে গম পোৱা যায় যে সি জীয়াই আছে! আন সময়ত টিঘিল-ঘিলাই দৌৰি ফুৰা পঁইতাচোৰা একোটা মাৰিবলৈ যিমান কঠিন সেই একেটা পঁইতাচোৰাকে এনেকৈ ওলোটা হৈ থাকোতে গচকি দি তেনেই সহজে মাৰি পেলাব পাৰি!” 

এতিয়া এই ওলোটা খোৱা পঁইতাচোৰাটো যদি মই হওঁ, মই কিবা উপায়েৰে যেনিবা আকৌ ইলুটি হ’ব পাৰিলো বাবেই কাৰোবাৰ গচক খোৱাৰপৰা বাচিলোঁ! আপোনাৰো কিজানি গচক খোৱাৰ সম্ভাৱনা আছে, কোনে জানে! পৰিস্থিতি হয়তো একেই হ’ব, পৰিবেশ একেই নহ’বও পাৰে! 

ধৰি ল’লোঁ বহু বছৰৰ আগতে মই কোনোবা ৰাস্তাৰে গৈছিলো যিটো খুবেই বেয়া আছিল, য’ত উজুটি খাই পৰি মই দুখো পাইছিলো। দহ বছৰৰ পিছতো যদি মই কাৰোবাক কওঁ , “সেই ৰাস্তাৰে নাযাবা, পৰি দুখ পাবা!”_ কথাটো সঠিক হ’ল জানো? কিজানি সেই ৰাস্তা এতিয়া ফু-মাৰি ভাত খাব পৰাকৈ ধুনীয়া হ’ল! 

আনৰ কথাবোৰে সূতাৰ জঁট একোটা খুলিবলৈ নিজৰ নিজৰ কৌশলবোৰ হয়তো কৈ যায়। সেইবোৰেৰে আপুনি আপোনাৰ সূতাৰ জঁটবোৰ খুলিব নোৱাৰিবও পাৰে, কিন্তু নিজৰ উপায় এটা উলিয়াবলৈ চিন্তা কৰাৰ আঁতটো বিচাৰি পাব! মানে আপুনি ওলোটা খাই থাকোতে কিবা এটাত ধৰি কেনেবাকৈ ইলুটি হ’ব পাৰিলেই বাকীখিনি নিজে কৰি ল’ব পাৰিব! 

(৫) 

 মোৰ কর্মস্থানতে প্রায় কিছুমান কথাত যুক্তি-তর্ক একোটা হয় “টিফিন ব্রেক”ত! কেতিয়াবা মোৰ ফাললৈ কথা একোটা ওফৰি আহে যে বয়সৰ জোখাৰে মই বেছি কথা কওঁ! আকৌ কেতিয়াবা কোৱা শুনো “বয়স হ’ল দেখোন, এতিয়াও অভিজ্ঞতা হোৱা নাই নে?” 

মেল-মিটিংবোৰতো আমাৰ জেষ্ঠসকলে প্রায়েই কয়_ “আমাৰ দিনত অমুকবোৰ নাছিল তথাপিও তমুক কৰিছিলো! এতিয়া সব সহজ হ’ল; ইহঁতি কি জানে, সব মেচিনেই কৰে!” তেতিয়াই আমাৰো খং একোটা উঠি আহে আৰু প্রকাশ্যে নক’লেও ভাবো “এই বুঢ়াদালে বেছি কথা ক’বলৈ আহে!” 

স্বাভাৱিক কথা! যেতিয়া মোৰ নিজতকৈ কম বয়সৰ কোনোবাই মোক উপদেশজাতীয় কিবা কোৱা যেন লাগিব, তেতিয়া মোৰ খং উঠিব আৰু তেওঁ কোৱা কথাবোৰ শুদ্ধ হ’লেও মানি ল’বলৈ টান পাম! আকৌ কিছুমান কথা মোৰ মা-দেউতা বা ঘৰৰে কোনোবাই কৈছে বুলিয়েই ভুল যেন লাগিলেও মানি লোৱাৰ বিপৰীতে একেখিনি কথা যদি অচিনাকি বা দূৰৰ কোনোবাই কয়, তেতিয়া হয়তো খঙতে চৈধ্য গোষ্ঠী উজাৰি গালি দিম! 

অগ্রজ-অনুজ আমি সকলো নিজৰ নিজৰ ঠাইত ঠিকেই আছো যেন লাগে! তেওঁলোকে একো নাথাকোতে যি কাম কৰি দেখুৱাইছিল আৰু এতিয়া বহুত কিবাকিবি থাকোতে আমি কি কৰি দেখুৱাব পাৰো সেইটোহে আচল কথা! তেওঁলোকৰ অভিজ্ঞতাখিনিও লাগে আৰু আজিৰ টেকন’লজিও প্রয়োজনীয়! নহয়জানো? 

বয়স আৰু অভিজ্ঞতাৰ কথাটো আচলতে আমি প্রায় ভুলকৈ বুজোঁ! ভুলকৈ ৰিজনি দিওঁ ইটোৰ সৈতে আনটোক! অভিজ্ঞতাবোৰ বয়সৰ সৈতে সদায়ে (মন কৰিব_সদায়ে) সমানুপাতিক নহয়! 

ধৰি লওক, এজন ল’ৰাই সৰুতেই মাক-দেউতাকক হেৰুৱালে! আত্মীয়ৰ ঘৰত থাকিয়েই কলেজৰ দেওনা পাৰ হ’ল। তেতিয়া তাৰ বয়স কিমান হ’ব? খুব বেছি ২২ বছৰ। এই ল’ৰাজনে ২২ বছৰত যিমানখিনি অভিজ্ঞতা গোটাব সেইখিনি সমবয়সীয়া বা ৫০ বছৰীয়া এজনে (যি মাক-দেউতাকৰ মৰমৰ আঁচলত ধৰি ডাঙৰ হ’ল) কেতিয়াও গোটাব নোৱাৰে! 

আকৌ সেই অভিজ্ঞতাখিনিক ল’ৰাজনে কি হিচাবে গ্রহণ কৰিছে সেইটো তাৰ নিজৰ চিন্তাৰ লগতে সেই সময়ৰ গোটেই পৰিৱেশটোৰ ওপৰত নির্ভৰ কৰিব। হয়তো তাক আমি খুব খঙাল-উদণ্ড যুৱক হিচাপেও পাব পাৰো বা এজন সহনশীল-অমায়িক যুৱক হিচাপেও পাব পাৰো! 

একেদৰেই কোনোবা এজনে যদি নিজৰ ৫০ টা বছৰ পাহাৰ-পর্বত বগায়েই ফুৰিলে তেওঁক যদি সৌ সিদিনা “জুক’ ভ্যেলি” ফুৰি অহা ফু-কলীয়া এটাই কয় “আপুনি কি জানে হে পাহাৰ বগাওঁতে কিমান কষ্ট হয়?” ... তেতিয়া তেওঁ কি বুলি ক’ব?? 

 

(৬) 

বহুতেই কিছুমান মাতিবলগীয়া কথাত মাত নামাতে। কাৰণ তেওঁলোকে ভাবে কিবা এটা ক'লে তেওঁক সেইজন মানুহে বেয়া বুলি ভাবিব বা বেয়া পাব। অৰ্থাৎ তেওঁ নিজকে ভাল বুলি দেখুৱাবলৈ গৈ কিবা এষাৰ কোৱাৰপৰা বিৰত থাকিল। মানুহৰ এনেকুৱা স্বভাৱ মই খুব এটা পচন্দ নকৰো। ভুল এটাক ভুল বুলি ক'বলৈ (মোৰ দৃষ্টিৰেহে) মই বেয়া নাপাওঁ, যদিহে সেয়া মোৰ সন্মুখতে হৈ থাকে। সেইবুলি নিজকে শুদ্ধ প্ৰতিপন্ন কৰিবলৈ গৈ কাৰোবাৰ অনুভৱক আঘাত কৰিবলৈও মই নাযাওঁ, দাবী-ধমকিও নিদিওঁ; মোৰ সীমাত থাকিয়েই ক'বলগীয়াটো ক'ম। যদিওবা তাৰবাবে তেওঁ মোক বেয়া বুলিয়েই ক'ব, বেয়াও পাব। যদি ময়ো ক’ৰবাত ভুল সেইটো মানি ল’বলৈ অস্বীকাৰ নকৰোঁ, যদিহে মোৰ সন্মুখৰ জনে শুদ্ধটো কি দেখুৱাই দিয়ে। কিন্তু কেৱল নিজক, নিজৰ ভাৱমূর্তিক আনৰ আগত ভাল, নিকা বুলি প্রতিপন্ন কৰিবলৈকে মই যদি বোবা হৈ থাকো; মই মোক ভাল মানুহ বুলি অন্তৰেৰে ক’ব পাৰিম নে? 

কেৱল বেয়া মানুহৰপৰা আঁতৰি থকাটোৱে মোক ভাল মানুহ বুলি প্ৰতিপন্ন নকৰে নিশ্চয়। সেইদৰে কেৱল সমাজৰ ভাল মানুহৰ (!) স’তে উঠা-বহা কৰিলেই মই ভাল মানুহ হৈ নাযাওঁ! মই যদি প্রকৃততেই ভাল মানুহ, আঁতৰি যোৱাৰ পৰত সেই বেয়া মানুহজনৰ বেয়াখিনি কিমান ভাল কৰি থৈ যাব পাৰিলো সেইখিনিহে মোৰ 'ভাল’ৰ পৰিমাপ! 

আপুনি যদি কোনো প্রতিষ্ঠানৰ মুৰব্বী হয় তেন্তে আপোনাৰ কৰণীয় কি? আপোনাৰ চকুৰ আগতে নিয়ম-শৃংখলা ভংগ কৰি এচামে নিজৰ মইমতালি দেখুৱাব আৰু আপুনি দেখিও নেদেখাৰ ভাও জুৰি চকু মুদা কুলি হৈ বহি থাকিব; লাগিলে আপোনাৰ ভাগৰখিনিও আনে কাঢ়ি নিয়ক! কাৰণ_কিবা ক’লে যে আপোনাক তেওঁলোকে বেয়া পাব! মাত্র আপোনাক সবেই ভালপাই ভাল মানুহ বুলি কৈ থাকক, বাকী যাওক ৰসাতলে! মূল মানুহজন হৈ যদি সময়ত কাকো এষাৰ কথায়েই ক’ব নোৱাৰে, সকলোৰে ভালৰ বাবে যদি নিজৰ চকীখনৰ ওজনটো ক’তো ব্যৱহাৰেই কৰিব নোৱাৰে, সেই ঠাই যোগ্যজনক এৰি দিয়ক! (তাকে কৰিবলৈ আক’ আপোনাৰ আত্মসন্মানত লাগে!) আপোনাৰ স্থানকণৰ কাৰণে হয়তো আপোনাক মই সমীহ কৰিম (আচলতে আপোনাক নহয়, আপুনি বহি থকা চকীখনক হে!) কিন্তু সঁচা অর্থত মই কেতিয়াও আপোনাক শ্রদ্ধা কৰিব নোৱাৰিম! তাৰবাবে যদি আপোনাৰ দৃষ্টিত মই বেয়া মানুহ, হয় মই বেয়া মানুহ! অনন্তঃ মোৰ ‘বেয়া’ হ’লেও স্থিতি বুলি কিবা এটা আছে! আপোনাৰ তো একোৱেই নাই! আপুনি কেৱল লুভীয়া আৰু সুবিধাবাদীয়েই নহয়, ভয়াতুৰো! আপুনি ঠিক সেই নীলা শিয়ালটোৰ দৰেও নহয়!!

 

শৈশৱত এভুমুকিঃ 

যেতিয়া খুউব ভাগৰ লাগে, একো কৰিবলৈ মন নাযায়... তেতিয়া শৈশৱৰ কথা কিছুমানলৈ বৰকৈ মনত পৰে। 

দেউতাই ২০-২৫ কিল’মিটাৰ দূৰৈত চাকৰিলৈ অহা-যোৱা কৰে। মা’ৰ অসুবিধা হোৱা দিনবোৰত, যেতিয়া দেউতাৰ ‘মর্ণিং চিফ্ট’ থাকে, মা’ই জগাই দিয়ে, চকু ভালকৈ মেল নাখায়, তেনেকৈয়ে এন্ধাৰে মুন্ধাৰে উঠি ভাত দুটামান ৰান্ধি দিওঁ...পাকঘৰত সোমাবলৈ আক’ গা’টো তিয়াই অহা নিয়ম...(টোপনি ভঙাৰ বাবে কিমান ওজৰ-আপত্তি তাৰ হিচাপ নাছিল!) খৰি ভালকৈ নজ্বলে... আধা ফুটা ভাত কেইটামান খাই ওলাই যায় দেউতা! কেতিয়াবা গধূলি যায়, পুৱা ঘৰলৈ আহে! বিশেষকৈ জাৰৰ দিনবোৰত পুৱা পোহৰ নৌ হওঁতেই যোৱা, গোটেই ৰাতিটোলৈ গৈ পুৱা অহা দিনবোৰত মোৰ বৰ বেজাৰ লাগিছিল দেউতাৰ কষ্ট দেখি! ধান কটাৰ দিনত প্রায় ২-৩ কিল’মিটাৰ দূৰৈত থকা পথাৰৰ পৰা ধানৰ ডাঙৰী কান্ধত আনে ঘৰলৈ। এবাৰেই যে আনে তেনেকুৱা নহয়, দিনটোত সেইচোৱা বাট কিমান বাৰ যে অহা-যোৱা কৰে! পথাৰ চহোৱাৰ সময়তো হাল-কোৰ বায় উঠি আকৌ চাকৰিলৈ যোৱা! 

মা’ও দিনৰ দিনটো অনবৰতে কামেই কৰি থাকিছিল দেখোন! ঘৰৰ কাম-বন সামৰি খেতিৰ দিনত কঠীয়া তোলা, ৰোৱা, দিনৰ দিনটো ধান দোৱা... কিমান যে কাম! খেতি পথাৰ সামৰাৰ পিছত ভঁৰালৰ ধান নিজেই ভৰিৰেৰে মাৰিছিল। মাজে মাজে দুই এটা মৰনাও মেলিছিল ডাঙৰকৈ! ধানবোৰ চালি-জাৰি আকৌ ৰ’দত শুকুৱাইছিল। ধান খুন্দোৱা মিলত খুন্দোৱাই অনাৰ পিছত আকৌ চাউলৰ পৰা তুঁহবোৰৰ স’তে থাকি যোৱা ধানবোৰ আতঁৰাবলৈ চালিব-জাৰিব লাগিছিল! তাৰোপৰি তাঁতশালখন আছিলেই! গামোচাত ফুল বচাৰ উপৰিও মা’ৰ চিলাই মেচিন এটাও আছিল। তাতো ফুল তুলিছিল ৰুমালত। কিমান যে কাম...! 

এই একেখন ছবিয়েই মোৰ এনাইৰ ঘৰতো আছিল (য’ত মোৰ শৈশৱ আছিল)। সকলোবোৰৰ লগতে তাত তাঁতশালখনৰ কাম বেছি আছিল। এড়ী পলুখিনিৰ লগতে চোমনি এখনো আছিল! পখিলাৰপৰা গৈ লেটা হোৱা, তাৰপৰা গৈ সূতা কতাৰ পিছত এড়ী চাদৰখন, মুগাৰ মেখেলা একোখন ঘৰতেই হৈছিল! ... আৰু মহুৰা বটি দিয়াৰপৰা সকলোবোৰ কৰাৰ ভিতৰত মোৰ সকলোতকৈ ভাল লগা (লগতে ভয় লগাও) বস্তুটো আছিল “উৰণীয়া মাঁকো” টো! 

আৰু অলপ অলপ বেয়া পোৱা কামটো আছিল ব’হাগ বিহু আহিলেই মাহীৰ সৈতে গোটেই ঘৰৰ বেৰবোৰ ৰঙা মাটিৰে লেপিব লাগিছিল! এই কামটোতকৈ গোবৰ আৰু মাটি মিহলি কৰি পানী ঢালি ঢালি ভৰিৰে গচকি গচকি, নতুনকৈ বনোৱা কোনোবা এটা কোঠালিৰ বাঁহৰ বেৰবোৰ লিপিবলৈ ‘কেঁচা-মচলা’ যোগাৰ কৰি দিবলৈহে ভাল পাইছিলোঁ! 

মোৰ ইখন ঘৰত থকা আইতা-দদৌৰ মুখৰ সাধুবোৰৰ বিপৰীতে এইখন ঘৰত আছিল হাৰমনিয়াম-টবলা, গীটাৰ-ট্রিপলৰ লগত হোৱা গীতৰ মজলিচ! সিখন ঘৰত জুইকুৰাৰ কাষত টেটোন–তামুলীৰ লগতে ভীম-যুধিষ্ঠিৰ দৌৰি ফুৰিছিল, জটায়ুৰ লগত সীতা ঘূৰি ফুৰিছিল, তেজীমলাই কান্দিছিল... ক’ত যে কি! আৰু এইখন ঘৰত গুণগুণাই ফুৰিছিল জ্যোতি-বিষ্ণু! “ব’ল ব’ল ব’ল ব’ল কৃষক শক্তিৰ দল”, “লুইতৰ পাৰৰে আমি ডেকা ল’ৰা” “বিশ্ব বিজয় ন-জোৱান”... আৰু এইবোৰৰ মাজতে এদিন “ৰঙা উদিত বেলি”ৰ ছবি এখন ওলমিছিল যেনি-তেনি!! 

এতিয়া যেনিবা সেই সময়ো নাই, লগতে আৰু বহুত কিবা-কিবিও নাই! মইহে মাথোঁ এনেকৈ সুবিধা পালেই সেই উৰণীয়া মাঁকো টো হৈ উৰি ফুৰো শৈশৱৰ আলি-পদূলিয়ে! 

ভাবি এতিয়া আচৰিত হওঁ, তেওঁলোকৰ মুখত কেতিয়াও ‘ভাগৰ লাগিছে’ বুলি কোৱা কথাষাৰ নুশুনিছিলো দেখোন! কিবা অসুখ-বিসুখ হৈ বিচনাত পৰি থকাও দেখা নাছিলো! মোৰ যে এতিয়াই কথাই কথাই ভাগৰ লাগে! 

উভতি চাই কথাবোৰ কেতিয়াবা ভাবো, আমি বাৰু খুবেই দুখীয়া আছিলো নেকি? ওহোঁ মোৰ মনে নকয় যে আমি দুখীয়া আছিলো। আকৌ এপাকত ভাবোঁ, মোক দেখোন সবেই মৰম কৰিছিল তথাপিও কিয় ডাঙৰৰ সমানে সমানে সব কাম কৰিব লগীয়া হৈছিল! কিয় কোনেও নকৈছিল “তোৰ কষ্ট হ’ব, নালাগে থ” বুলি? (এবাৰ গৰুক বাল্টিত পানী আনি আনি খোৱাই থকা দেখা পাই দেউতাই গৈ মা’ক আপত্তি কৰাৰ কথাহে কেৱল মনত আছে!) কথাবোৰ বেলেগ কৈ নাভাবি ইয়াকে বুজি থওঁ যে_ তেতিয়া ঘৰৰ সকলোৱে কর্মক বিশ্বাস কৰিছিল! কাম কৰিছিল সকলোৱে। হাতবোৰে অনবৰতে কিবা নহয় কিবা এটা আজুৰি থাকিছিল। দুখ-কষ্ট, অভাৱ-অনাটন থাকিলেও মানুহবোৰ ৰঙীয়াল হৈ থাকিছিল! 

সৌ সিদিনা স্নাতকোত্তৰ শেষ কৰি অহা ছোৱালী এজনীয়ে যেতিয়া গেছ বার্ণাৰত গেছ জ্বলাব নাজানো বুলি কয়, আচৰিত হওঁ মাক-দেউতাকে কাৰ ভৰসাত ছোৱালীজনীক এৰি গৈছে ইয়াত!! এনেকুৱা সময়তে নিজৰ কথাবোৰ ভাবি সকাহ পাওঁ যে কথাবোৰ ঠিকেই আছিল! 

 

পুনৰ আন্দোলিত সময়ঃ 

আন্দোলন হৈছে ভাল কথা! আমাৰ ঘৰত বিদেশী আহি আমাকেই যদি খেদাবলৈ হয় যুদ্ধখন তো লাগিবই লাগিব! 

কিন্তু আমি ভাবি চাইছোনে এই আন্দোলনত কোনখিনি মানুহে আচলতেই সহযোগ কৰিছে? অসমৰেই হাৱা-পানী খাই থকা, নিজকে অসমৰেই বুলি কোৱা অনা-অসমীয়া মানুহখিনিয়ে সহযোগ কৰিছেনে? যদি কৰিছে কিয় কৰিছে আৰু নাই কৰা যদি কিয় নাই কৰা? (কথাবোৰ নিজৰ নিজৰ ধর্মৰ নেগুৰত ধৰিহে হৈছে নেকি? যি টো হ’ব নালাগিছিল!) 

যিখিনি ৰাস্তালৈ বুলি ওলাই গৈছে তাৰ মাজতো (বিশেষকৈ ডেকাচাম) এনেকুৱা ভালেমান ওলাব যি স্ফূর্তিতে গৈছে, হাঁহি-খিকিন্দালি কৰিছে, আনক চাই মজা লুটিছে, কাৰোবাক দুপিটন মান দিবলৈ পামেই কিজানি বুলি ভাবিছে, কাৰোবাক সুবিধা পালে দুই-ঘোচা মান দি নিজকে বীৰ বীৰ যেন ‘ফিলিং’ এটা দিবলৈ গৈছে! 

তাৰ মাজৰে কিছু লোক কেৱল অসমীয়া আৱেগতে ওলাই গৈছে! যিহেতু অসমীয়া জাতি মৰম-চেনেহ দিয়াত ভাল, কাৰোবাৰ অকন দুখ দেখিলেই হিয়া পমি যোৱা বিধৰ! তাতে যদি জাতিৰ সংকটৰ কথা আহে, সেয়া কম আৱেগ নে! একো চিন্তা নকৰাকৈ আমিও ওলাই গৈছো! 

যি দুই এজনে নেতৃত্ব দিছে তেওঁলোক সঁচাকৈয়ে নিজৰ কোনো স্বার্থ নথকাকৈ আমাৰ সাধাৰণ মানুহখিনিৰ বাবে ওলাই আহিছেনে? এইযে আজি অনেক ভিন ভিন সংগঠন আমাৰ অসমীয়া জাতিটোৰ মাজতে! কিয়? ইও কোনো এক আন্দোলনৰে সৃষ্টি নহয়জানো? ইয়াৰপৰা লাভ কাৰ হৈছে? কিছুমান নেতাকো এই আন্দোলনেই জন্ম দিয়া নাই জানো? এই নেতাসকলে নিজৰ ব্যক্তিগত সুবিধা, লাভালাভ বাদ দি সর্বসাধাৰণ ৰাইজৰ কথা এতিয়া ভাবিছেনে? 

গন্দাই গন্দাই মেডিকেল কলেজ খুলিছে য’ত নিম্নতম থাকিবলগীয়া সুবিধাবোৰেই হয়তো নাই, এখন কলেজৰ পৰা নি আনখন কলেজত পঢ়ুৱাবলৈ ডাক্তৰ সকলক নচুৱাই ফুৰিছে! না ছাত্র-ছাত্রীয়ে উচিত শিক্ষা পাইছে না শিক্ষকে দিব পাৰিছে (দলাৰ বগৰীৰ দৰে ঘূৰিয়েই থাকিব লগা হয় দেখোন!) এনেকুৱা কলেজৰপৰা ডিগ্রী লৈ ওলোৱা ডাক্তৰৰ ওচৰত ৰোগীয়ে নিচিন্ত হৈ ভৰসা কৰিব পাৰিবনে? বছৰি ডিগ্রী একোটা লৈ ওলাই অহাসকল ক’লৈ যাব? 

গোঁসাই-বামুণ-কলিতাৰ নামত কিবা সংগঠন আছে নে নাই নাজানো, কিন্তু বাকী খিনি অসমীয়াৰ হ’লে আছে_ কোঁচ-কছাৰী-আহোম-মটক-বাগানীয়া-বড়ো-মিছিং-ৰাভা-কার্বি... কৃষক... ইত্যাদি ইত্যাদি! প্রতিদিনে নতুন নতুন সংগঠন জন্মিয়েই আছে! প্রতিটোৰে একো একোজন মুখিয়াল! পিছে পিছে এচাম...! এনুকৱা কোনো সংগঠন কিয় নাই য’ত সকলোৱে একেলগে মিলি কাম কৰিবলৈ ওলাই যায়? 

অমুকে অমুক সমাজত নাখায়, তমুকে তমুকত নাখায়! কোনোবাই কাৰোবাৰ পাকঘৰত ভৰি দিলে চুৱা লাগে, কিবা খালে বাচন-বাটি নিজেই ধুব লাগিল! কিবা এটা সুৰুঙা পাবহে লাগে, ইটোৱে সিটোক গালি পৰা আৰম্ভ কৰি দিলে_ তোতকৈ মইহে ভাল, তই নিম্ন মই উচ্চ, মই মালিক তই চাকৰ! মুঠতে সবকে মালিক হৈ থাকিবলৈ লাগে! 

আমি একেলগে বহিব নোৱাৰিলো, খাব নোৱাৰিলো... কাম কিদাল একেলগে কৰিম! আমি পাৰিম নে পিঠিত বস্তা বস্তা বোজা কঢ়িয়াব? ৰ’দ-বৰষুণে একাকাৰ হৈ খেতি-খোলা কৰি খাব? ঘৰে ঘৰে গৈ পাচলি বিক্রী কৰিব পাৰিম নে বজাৰতে বহিবগৈ পাৰিম? 

কোনোবাই হয়তো পাৰিব যদিহে অভাৱে জুৰুলা কৰিছে অথবা লাজ লাগিব লগাকৈ শিক্ষাৰ ডিগ্রী এটা নাই! আৰু চাহাবজাতীয় চাকৰি এটাৰ পোৱাৰ জোখাৰে থকা গধুৰ গধুৰ ডিগ্রী এটা লৈও যি এই কামবোৰত উঠি পৰি লাগিছে, তেওঁলোকে পাৰি গৈছে, শিকি গৈছে কৰিবলগীয়া আচল আন্দোলন কোনটো! কিবা এটা কৰাৰ দুর্বাৰ হেঁপাহত তেওঁলোকে হাত উজান দিছে! তেওঁলোক হে আচল! 

যদি কোনোবাই কৰিছেও, আহি গ’ল নহয় পাবত গজা নেতা এচাম “মোৰ নামৰ টকা”ৰ ভাগ ক’ত বুলি ভিক্ষা কৰিবলৈ!!! কাম কৰিবলৈ আমাৰ দেহৰ বল থাকক নাথাকক, নকৰিবলৈ লাজটো কিন্তু ঠিকেই আছে (থাকিবলগীয়াত হে পিছে নাই)! আমাক খালি আৰামত পইচাকেইটা লাগে। একে কোবে লাট-চাহাবৰ চাকৰি একোটা লাগে! 

অসমীয়া চিনেমা মানেই চাবলৈ যিদৰে জোৰ কৰা হয়; শাক-পাচলি, মাছ-মাংস ইত্যাদিবোৰো যদি “আমি অসমীয়াই কৰিছো, অসমীয়াই বিকিছো কিনিবই লাগিব যিমানেই দাম নহওক কিয়, গেলা-পচাই নহওক কিয়” বুলি যদি উভতি ধৰে, বজাৰ চলিবনে? বাকী... সুবিধা পালেই ঠগ-বাজিবোৰ তো আছেই! এইয়াহে নেকি আচল অসমীয়াগিৰি?? 

কথা হ’ল একলগে থকা মানুহ এখিনিক বহুদিনৰ আগতেই কোনো আন্দোলনে ভাগ ভাগ কৰি থৈ গ’ল! সেই মানুহখিনিৰ নিজৰ মাজতেই লাগি থকা খোৱা-কামোৰাবোৰৰ সু-ফল আন কোনোবাই ভোগ কৰি আছে! এইবোৰ পুৰণি কথা! সেই পুৰণি কথাবোৰৰেই পুনৰাবৃত্তি হৈ আছে! ভাগ হৈ থকা মানুহখিনিকেই আকৌ ভাগ ভাগ কৰা হৈছে! এডাল মাৰি সহজে ভাঙি পেলাব পাৰি কিন্তু এমোথা মাৰিক একেলগে থাকিলে ভাঙিব নোৱাৰি বোলা সাধু কেৱল সাধুয়েই হৈ আছে! আমি আজিও তাৰপৰা একো শিকা নাই! 

দুটা ফৈদৰ মাজতেই হওক বা অনেক, যুদ্ধ হৈ নাথাকিলে কোনোবা ৰজা কেনেকৈ হ’ব পাৰিব! নহয়জানো? সঁচাকৈয়ে প্রজাৰ হিতৰ কথা চিন্তা কৰা ৰজা এজন আমি ক’ত পাম? কোনে আমাক বাট দেখুৱাই নিব? কথাবোৰ সেই “ওলোটা খাই থকা পঁইতাচোৰা”ৰ সাধুটোৰ দৰে! আৰু আন্দোলনে যদি সঁচাকৈ সকলোকে পুনৰ একগোট কৰাত সক্ষম হৈছে তেন্তে খুব ভাল কথা! কোনোবা ওলোটা খাই পৰিলেও অন্ততঃ আন কোনোবাই ধৰি চিধা কৰি দিব! আমি আশাবাদী! 

 

অচিনাকী ছোৱালী এজনীঃ 

ভাৰ্চুৱেল পৃথিৱীখনত ঘূৰি ফুৰোঁতে এদিন দেখিলো কোনোবা (বেচ্ প্ৰতিভাৱান) ছোৱালী এজনীয়ে আত্মহত্যা কৰিলে! মোৰ অচিনাকী যদিও প্ৰফাইলটো চাবলৈ মন গ'ল! চালোঁ। ভালেমান "আপডেট" পঢ়ি দেখিলো তাই দেখোন বেচ্ ইতিবাচক চিন্তাধাৰা কৰা ছোৱালীয়েই আছিল, দেখিবলৈও ধুনীয়া! তেন্তে কিয় এনেকুৱা কাম এটা কৰিলে? 

দুদিনমান তেনেকৈ যোৱাৰ পিছত মোৰ কোনোবা বন্ধুৰ ফেইচবুক পোষ্ট এটা পঢ়ি গম পালো যে তাই নুশুনিছিল আৰু কথাও ক'ব নোৱাৰিছিল! আগৰবাৰ তাইৰ প্ৰফাইলটো চাওঁতে কোনো দুখ বা শোক অনুভৱ কৰা নাছিলো! এইবাৰ বুকুত বিষ এটা লৈ প্ৰফাইলৰ পোষ্টবোৰ পুনৰ পঢ়িলোঁ! (ভাব হ’ল আগতে তাই নিশ্চয় শুনিছিল, ক’বও পাৰিছিল! কিবা দুর্ঘটনা চাগে’ ঘটিল! দোধোৰ মোধোৰতেই থাকিলোঁ!) প্ৰায়বোৰতেই ধনাত্মক দৃষ্টিভংগীৰ কথাই দেখিলো, তাই স্ফূৰ্তিত থাকি ভালপোৱা ছোৱালী যেনেই লাগিল। …আৰু অলপ পঢ়ি বুজিলো যে হয়তো তাই ভায়েক-ককায়েকৰ সবল উপস্থিতিৰ অনুপস্থিতি অনুভৱ কৰিছিল মাজে মাজে! ইয়াৰ পিছতো আৰু অলপ পঢ়ি বুজিলো যে সকলোৰে দৰে তায়ো কাৰোবাৰ প্ৰেমত পৰিছিল! স্বীকাৰো কৰিছিল! কিন্তু বিপৰীতে থকাজনে সেয়া মানি লোৱা নাছিল (নোলোৱাটোৱেই স্বাভাৱিক!) অথচ বন্ধুত্বৰ হাতত ধৰি বিনিময় কৰিছিল বিৰামহীন সময়! 

আত্মহত্যাক কেতিয়াও আমি ভাল চকুৰে চাব নোৱাৰো, সেইটো ঠিক! তেনেকুৱা কাম এটা কৰাৰ বাবে যে কাৰোবাক ঘৃণা কৰিম সেইটোও জানো ঠিক? গোটেই জীৱনকালত প্রত্যেকেই এবাৰ হ’লেও ভাবে “মৰিয়েই থাকো নেকি” বুলি! সেইটো স্বাভাৱিক কথা। যাৰ মনলৈ এবাৰো এই চিন্তা অহা নাই তেওঁৰ স্বাভাৱিকতাত হে সন্দেহ আছে! নতুবা তেওঁ সাধাৰণ মানুহতকৈ বহু ওপৰত কিজানি! জীৱনকালত প্রায় সকলো মানুহেই নিজৰ নিজৰ যুদ্ধখন যুঁজি থাকে। সেইফালৰপৰা প্রতিজন মানুহেই সবল আৰু সাহসী! কোনোবা হয়তো শৰীৰেৰে আৰু কোনোবা মনেৰে। প্রতিখন যুদ্ধৰ স্বভাৱ-চৰিত্র যিহেতু বেলেগ বেলেগ, প্রতিজন যোদ্ধাৰ চৰিত্রও সেই অনুসাৰে পৃথক! আত্মহত্যা কৰিলেই আমি কৈ দিওঁ পলৰীয়া বুলি! সঁচাকৈয়ে নে? যি নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ কথা স্থিৰ কৰি পেলালে তেওঁ আচলতে সিমানখিনিলৈকে যুঁজিলে! কিন্তু তেওঁ হয়তো যুদ্ধখনত জয়ী হোৱাৰ আশা নেদেখিলে! আৰু এই হাৰি যোৱাৰ পিছত লোকলজ্জাৰপৰা হাত হাৰিবলৈকে কিছুমান মানুহ গুচি যায় নিজৰ ইচ্ছাত। আত্মহত্যাৰ বহু কাৰণৰ ভিতৰত ইও এটা কাৰণ। ইয়াৰ বাবে ক’ৰবাত আমিও দায়ী নহয়নে? (মাক-দেউতাকে দামী বাইক নিদিয়াৰ বাবে, মোবাইলত গেইম খেলিবলৈ নিদিয়াৰ বাবে, কেৱল প্রেমৰ বাবেই মৰি যোৱা অলগদ্ধবোৰৰ কথা মই ইয়াত ক’ব বিচৰা নাই কিন্তু!)

সেই অচিনাকী ছোৱালীজনীৰ কথালৈ উভতি আহোঁ! বাৰু, তাইক বাদ দি তাইৰ ঠাইত মই নিজকে বহুৱাই লৈছোঁ, বিপৰীতে আপুনি থাকক! আমি খুব ভাল বন্ধু। আপুনি জানে আপোনাক মই কেৱল বন্ধু বুলি গ্রহণ কৰা নাই, যিটো আপোনাৰ আগত মই স্বীকাৰো কৰিছো। আপুনি মোক অইন দৃষ্টিৰে গ্রহণ কৰিব নোৱাৰে সেয়াও মই জানিলো, অথচ আপুনি বন্ধুত্বৰ হাতখনো এৰি নিদিলে। আপুনি জানে মই মূক-বধিৰ ছোৱালী যাক গ্রহণ কৰাটো আপোনাৰ পক্ষে প্রায় অসম্ভৱ! আপুনি ইয়াকো জানে ৰাস্তাই-ঘাটে যেতিয়া অসহায় অনুভৱ কৰি দাদা-ভাইটি বুলি কাৰোবাৰ উপস্থিতি বিচাৰি চিঞৰি চিঞৰি মাতিব বিচাৰো, ঘৰৰ পানী পৰা ছালৰ ফুটা বন্ধ কৰিবলৈ তাঁহাতৰ উপস্থিতি বিচাৰো তেতিয়া মোৰ দুহাত শূন্য! সকলোবোৰ মিলি মোৰ অৱস্থাটোলৈ হয়তো আপোনাৰ মাজে মাজে পুতৌ ওপজে! কিজানিবা সেয়ে আপুনি মোক সহানুভূতিৰ হাতখনেৰে ধৰি ৰাখিব খুজিলে ভাল বন্ধু হৈ! ময়ো মানি ল’লো আপোনাক বন্ধু বুলি, কিন্তু মোৰ অজানিতে মনটোৰ কোনোবা এটা অংশই আপোনাক অন্য ধৰণেৰেই আশা কৰি থাকিল (যদিও আপুনি তাৰ সামান্যতমো ভূ নাপালে! কাৰণ মোৰো মনত সংশয় এটা থাকিল কিজানি অন্য ধৰণেৰে বিচাৰিলে আপোনাক বন্ধু হিচাপেও হেৰুৱাই পেলাও! সেয়ে সেই ভাবটো লুকুৱাই ৰাখি ময়ো বন্ধু হৈ থাকিলোঁ)! এতিয়া ইয়াত কাৰ ভুল বুলি মই মানিম বা ভাবিম? মই আপোনাৰ প্রত্যাখান মানি লৈও আশা কৰি থাকিলো কিজানি এদিন আপোনাৰ মনটো সলনি হয়! আপুনি মোৰ মনৰ কথা জানিও নজনাৰ দৰে বন্ধুৰ ভাও(?) ধৰি থাকিল মোক সাহস দিবলৈকে! আপুনি যদি লাহে লাহে নিজক মোৰপৰা আঁতৰাই লৈ গ’লহেঁতেন! মোক মোৰ দৰেই এৰি দিয়াহেঁতেন! মোৰ প্রতি সহানুভূতিৰ হাতখন জোখতকৈ বেছি আগবঢ়াই নিদিয়াহেঁতেন (যিহেতু আপুনি জানিছিল আপোনাক মই কেনেকৈ বিচাৰোঁ)! মোৰ অস্থিৰতা, মোৰ হাহাকাৰ আপুনি অনুমান কৰিব পৰা নাছিল? আমি সকলো পোৱাৰ পিছতো বিশেষ এজনৰ মৰম-ভালপোৱা কিয় বিচাৰো? সেইখিনি দিবলৈ যিহেতু আপুনি অপাৰগ তেন্তে মোৰপৰা নিজক আঁতৰাই থলেই হয়তো মই মানি ল’লোঁ হয় মোৰ দৈনতাক, কাৰণ আপোনাক মই সুবিধাবাদী বুলি ভাবিব নোৱাৰো! ... আৰু আপুনি থাকিলে মই আনকো ভালপাব নোৱাৰো! 

(কথাবোৰ কাৰোবাৰ লগত মিলি যাবও পাৰে! মিলাটো স্বাভাৱিক! এনেকুৱা কথা হৈয়েই থাকে! মই কিন্তু ইয়াত কাকো সাঙুৰি লৈ কথাবোৰ কোৱা নাই। মই মোৰ কথাহে কৈছোঁ। কাৰণ মোৰ নিজৰ লগত নোহোৱা কথাবোৰ মই বেছিকৈ অনুভৱ কৰিব নোৱাৰো/নাজানো! এই অচিনাকী ছোৱালীজনীৰ কথা কেৱল মোৰ সৈতে ভালেমান মিল থকাৰ বাবেই লিখিলো আৰু মুকলিকৈ স্বীকাৰ কৰিছো যাতে কোনেও তেওঁলোকৰ অনুভৱক আঘাত কৰিবলৈ কথাবোৰ লিখা বুলি নাভাবে। লগতে বিনম্রতাৰে ইয়াকো অনুৰোধ কৰিলো, এতিয়া মোৰ কথাবোৰ সুধি যেন মোক ব্যতিব্যস্ত নকৰে! ইমানটো ক’ব পাৰো যে “মোৰ কাহিনীটোত কোনো কাৰোৰে ওচৰত দোষী নহয়!” :) )

পুনৰ অচিনাকী ছোৱালীজনীলৈ উভতি আহোঁ। তায়ো তো যুঁজি আছিল নিজৰ যুদ্ধখন! নিজকে কৈ আছিল_ পাৰিছো, আগলৈও পাৰিম, পাৰিবই লাগিব! তেন্তে?! তাই কৰা কামটোকো মই ভাল বুলি নকওঁ! কিন্তু তাই পোৱা কষ্টখিনিৰ বাবে ক’ৰবাত (সেইটো তাইৰ ভুল যদিও) কিঞ্চিৎ হ’লেও বন্ধুজন দায়ী নহয়নে? 

মই নিজে খুব কম কথা কোৱা মানুহ! এনেকি মই ঘৰৰ মানুহকেইটাৰ লগতো বেছি কথা নাপাতো। তথাপি কেতিয়াবা ৰূমৰ ভিতৰত দিনটো কথা নোকোৱাকৈ সোমাই থাকিলে বৰ অশান্তি অনুভৱ হয়! কিবা এটা ক’বলৈ মন যোৱাৰ পৰত যেতিয়া শুনিবলৈ কোনো নাথাকে নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয়! তেতিয়া মোৰ অন্য এটা কথাত বেজাৰ লাগে_ এইযে হস্পিটেলৰ বিচনাবোৰত দিনৰ পিছত দিন পৰি থকা ৰোগীবোৰ, যাৰ কেৱল বুকুৰ উঠা-নমাবোৰ চাইহে ক’ব পাৰি জীয়াই আছে বুলি! কিছুমান কোনোদিন বিচনাৰপৰা উঠি খোজ নাকাঢ়ে... গুচি যায় চিৰদিনলৈ! কিমান ক’বলৈ হেঁপাহ থকা কথা, কিমান হাহাকাৰ বুকুত লৈয়েই গুচি যায়...!! 

খালৈৰ ভিতৰত খলখলাই থকা জীয়া মাছৰ দৰে কথাৰ খলখলনি লৈ থাকিও কাকো একো ক’ব নোৱাৰাৰ যি পীড়া সেয়া সবেই অনুভৱ কৰিব পাৰিবনে? নিজৰ অনুভৱবোৰ আনৰ সৈতে ভগাব নোৱাৰা মানুহবোৰে প্রতিটো কথাই অলপ বেছিকৈয়ে অনুভৱ কৰে! খুব আলসুৱা তেওঁলোক, আনে বুজিব নোৱাৰাকৈ! আৰু যেতিয়া মুকলিকৈ কাৰোবাৰ ওচৰত অনুভৱবোৰক উবুৰিয়াই দিব পৰাকৈ সহজ হৈ উঠে, পানীত ডুবিব ধৰা মানুহে খেৰ-কূটাত ধৰি উঠিব বিচৰাৰ দৰে তেওঁকেই একমাত্র সম্বল যেন জ্ঞান কৰে! আৰু তাকেই হেৰুৱাবলৈ আৰম্ভ কৰা যেন পালেই ডুবিবলৈ ধৰে! কোনোবা কেনেবাকৈ উঠি আহে, কোনোবা ডুবি যায়! 

অচিনাকী ছোৱালীজনীৰ এই হাহাকাৰৰ অনুভৱখিনিয়ে মোক বাৰুকৈয়ে দুখী কৰিছিল! ইমান হাঁহিমুখীয়া, ধুনীয়া, ইতিবাচক চিন্তাৰে নিজৰ লগতে আনকো সঠিক বাট দেখুৱাব খোজা ৰাংঢালী ছোৱালী এজনী কিয় এনেকৈ গুচি যায়!! 

_______০________ 

আমি যদি ভালকৈ খোজ কাঢ়িব নোৱাৰা কাৰোবাক সদায়েই হাতত ধৰি ধৰি খোজ কঢ়াও, তেওঁ কেতিয়াও অকলে খোজকাঢ়িব নোৱাৰিব, চেষ্টাও নকৰিব। তেওঁ সদায় আমাৰ ওপৰত ভৰসা কৰিব। লাহে লাহে আমাৰ হাতখন এৰি দি তেওঁক নিজে নিজে খোজ কঢ়াৰ অভ্যাস কৰিবলৈ দিলে দেখিব এদিন তেওঁ কাৰোৰে সহায় নোলোৱাকৈ খোজ কাঢ়িব পাৰিছে আৰু পাৰিম বুলি আত্মবিশ্বাসকণো গোটাই লৈছে! মানুহৰ প্রতি মানুহৰ সহানুভূতি থাকিবই লাগিব, কিন্তু সকলো কথাৰেই সীমা এটা থকা ভাল। 

 

দুচকুৰে নেদেখা কথাবোৰঃ 

(১) 

কেতিয়াবা এনেকুৱা হয় আমি স্বাভাৱিক হৈ থাকিবলৈ চেষ্টা কৰোঁতে কিছুমান কথা আনৰ দৃষ্টিত অন্য ধৰণেৰে ধৰা দিয়ে। মানে ধৰক মোৰ কোনোবা খুব আপোন কোনো হস্পিটেলত জীৱন-মৰণৰ স’তে যুঁজি আছে! মই জানো মই কি ভুগি আছো ভিতৰি, কিহে মোক বিতত কৰিছে, কিয় মোৰ অস্থিৰতা, কিয় হাহাকাৰ লাগিছে…! অথচ আপুনি মোৰ স’তে কথা পাতোঁতে তাৰ অকনোৱেই উম-ঘাম নাপালে! পৰির্ৱতে আপুনি আচৰিত হৈ হয়তো আন কাৰোবাকো ক’লে “এনেকুৱা সময়তো মানুহ কেনেকৈ ইমান ‘কেয়াৰ-ফ্রি’ হৈ থাকিব পাৰে! বেলেগেই কিবা চাগে’!” হস্পিতেলৰ আই চি ইউ ৰ বাহিৰত দিনৰ পিছত দিন পায়চাৰি কৰি পাৰ নকৰিলে আপুনি নুবুজিব, মই বা মোৰ দৰে অইন কোনোবা কেনেকৈ আৰু কিয় ‘কেয়াৰ ফ্রি’ হৈ থাকিব পাৰিছো বুলি দেখুৱাব লগা হয়! 

আচলতে কথাটো কি জানেনে? এইযে ল'ৰাটোৱে বা ছোৱালীজনীয়ে সেই ফিল্ডখনত ফুটবল এটা লৈ অকলে অকলে সদায় 'প্ৰেক্টিছ' কৰে! সিহঁতি কাৰণটো নিজে যেতিয়ালৈকে নকয় (সঁচা কাৰণটো), তেতিয়ালৈকে আপুনি বা মই মাত্ৰ অনুমান হে কৰিব পাৰিম 'কিবা এটা'! ফুটবল খেলিবলৈ নহয়, সিহঁতি কিজানি ভৰিকেইটা হে সবল কৰি আছে, দৌৰিবলৈ নতুবা ওখ পাহাৰ একোটা বগাবলৈ! আৰু নক'লে আমাৰ সাধ্য নাই জানিবলৈ যে তাঁহাতৰ কোনোবা এটা আঁঠুৰ তলত হয়তো ওলমি আছে 'লো'ৰ ভৰি একোখন! “জীৱন!”_ ইয়াক কেৱল চকুৰে চাই আমি চিনিব নোৱাৰো।

একোজন মানুহে এই জীৱন নামৰ চিনেমাখনত অনেক চৰিত্ৰ ৰূপায়ন কৰিবলগীয়া হয়। 'ভিলেইন' হোৱা জনেও কিজানি সেইজনক হে সহায় কৰিছে যি 'হিৰ' হ'বলৈ অহৰহ চেষ্টা কৰি আছে। নিজেই নক'লে আমি কোনোদিন নাজানিম যে 'ভিলেইন' চৰিত্ৰটোক আমি বেয়া পাবলৈ লোৱাৰ সময়তে তেওঁ নিজৰ চকুত 'হিৰ' হৈ গুচি গ'ল (জখলা!) সকলো অনুমানেই যে সঠিক তেনে নহয় (ভাল বেয়া উভয় ক্ষেত্ৰত), সকলো সঠিক অনুমানেই যে শুদ্ধ সেইটোও নহয়। ভুল যে ময়ো কৰিছোঁ! (সাৰ্বজনীন কথাবোৰো আচলতে আপেক্ষিক!)

(২) 

ভার্চুৱেল পৃথিৱীখনত থকা প্রায় ৯-১০ বছৰ মানেই হ’ল! বাস্তৱিক জীৱনটোৰ দৰেই ইয়াতো মোৰ বৰ বিশেষ “ফ্রেইণ্ড” নাই! কলেজ-ভার্চিটি আৰু কর্মক্ষেত্রৰ বন্ধুখিনিক বাদ দিলে কেৱল ‘ভার্চুৱেল বন্ধু’ৰ সংখ্যা তেনেই তাকৰ! তাৰে চাৰিভাগৰ তিনি ভাগতকৈ বেছিৰ সৈতে আজিলৈকে হয়তো এটাও বার্তা বিনিময় হোৱা নাই! আৰু মই আজিও ক’ব পাৰো মোৰফালৰপৰা যোৱা বন্ধুত্বৰ প্রস্তাৱ মাত্র দুটা! নাই নাই, আপুনি ভুল নুবুজিব! এইটো মোৰ অহংকাৰ বা তেনে জাতীয় কিবা নহয়! আচলতে মোৰ নিজৰ ওপৰতেই সন্দেহ ওপজে যে মই বহুতে বিচৰাৰ দৰে তেওঁলোকৰ বন্ধু হৈ থাকিব পাৰিম জানো! কেতিয়াবা কেতিয়াবা মই সব বস্তুৰেই প্রতি উদাসীন হৈ বহি থাকো, যিটো মোৰ বেয়া স্বভাৱ! সেইটোকে কিছুমানে তেওঁলোকক উপেক্ষা কৰা বুলি ভাবে! সেই ভয়তে মই কাৰোৰে ফালে আগবাঢ়ি নাযাওঁ! 

কিবাকিবি লেখা-মেলা কৰা সূতাডালৰ আঁত ধৰিয়েই এই বন্ধু সমাজখন পালো (লিখা আৰু কি!! কবিতা বুলি লিখা ৫০ টা মানৰ ভিতৰত খুব বেছি ২-৩ টা হে অলপ কবিতা কবিতা যেন হৈছিল বুলি এতিয়া পঢ়িলে বুজি পাওঁ, হাঁহিও উঠে)! সেই হিচাবে প্রায় আটাইখিনি বন্ধুৱেই লিখা-মেলা কৰে বা পঢ়ি ভাল পায়! ময়ো তেওঁলোকৰ ভাল খিনিক ভাল বুলিয়েই কওঁ। কিন্তু এইখন পৃথিৱীৰ মানুহখিনিৰ সৈতে মোৰ কিবা এটা নাই নাই বুলি মই অনুভৱ কৰোঁ! সেইটো নথকাটোৱেই মই বিচাৰো। বেছি ওচৰলৈ গ’লে যেন ভাললগাবোৰ নোহোৱা হৈ যায়, তেনেকুৱা অনুভৱ এটা হয়। সেয়ে কাকো বৰ বেছিকৈ জানিবলৈ মোৰ আগ্রহ নজন্মে! কাৰণ তেওঁলোক তাত থাকিলেই মোৰ বাবে ভাল আৰু ধুনীয়া হৈ থাকিব। 

কেৱল মাথোঁ এই কাৰণটোৰ বাবেই বহুতে বিচাৰিলেও মই মোৰ ফোন নং টো আজিলৈকে দিয়া নাই আৰু আগলৈয়ো নিদিওঁ! কোনো কোনোৱে হয়তো সেয়ে মোক বেয়াও পাইছে। এনে কাৰণতেই মই কওঁ “আপুনি মোক বেয়া পায়, পাওক! তাতে মোৰ দুখ কৰিবলগীয়া বা বেয়া পাবলগীয়া একো নাই। কিন্তু নিজেই যেতিয়ালৈকে নাজানে, নেদেখে; আনৰ চকুৰে অনুগ্ৰহ কৰি মোক ভাল নাপাব! কাৰণ আপুনি ভবাৰ দৰে মই নহ’বও পাৰো আৰু মই ভাবি থকাৰ দৰে আপুনিও নহ’ব পাৰে।“ গতিকে অলপ দূৰ দূৰে থাকি ভাল লগাবোৰ ভাল লগা হৈ থকাটোৱেই ভাল। 

অৱশ্যে দুই-এজন সৰকি আহিছে, নাজানো কিয়! তেওঁলোকেহে জানিব! কিমান দিন টিষ্টিব সেইটোও তেওঁলোকেহে জানিব, কাৰণ মই খুবেই “ইৰিতেটিং জীৱ”! হাঃ হাঃ হাঃ... এইটোও সঁচা যে তেওঁলোক মোৰ প্রিয়! এতিয়া আপুনি যদি তেওঁৰ প্রিয়, তেৱোঁ যদি আপোনাৰ প্রিয় আৰু আপুনি যদি ভাবিছে আপুনি মোৰো প্রিয় হ’ব! ওঁহো, সেইটো একদম ভুল ভাবিছে! এনেকুৱাও নহয় যে আপোনাক মই বেয়া পাম! মোৰ ভাল লগাকৈ যদি আপোনাৰ ওচৰত কিবা আছে নিশ্চয় আপোনাক ভাল পাম! কিন্তু সেইইই যে... দূৰে দূৰে থাকিহে। কাৰণ আপোনাৰ কামক হে মই ভাল পাইছো, আপোনাক হয়তো নাপাবও পাৰো! এতিয়া সেইকাৰণে যদি আপুনি মোক বেয়া পায়, ওপৰৰ পেৰাগ্রাফৰ কথাখিনি আকৌ পঢ়ি ল’ব! :)

মই চাগে’ “লাভ এট্ ফার্ষ্ট চাইট”ত বিশ্বাসী মানুহ! কাপোৰ-কানি কিবা ল’বলৈ গ’লেও এবাৰ দেখিয়েই যি টো মন পচন্দৰ হয়, তাকে লৈ লওঁ! বৰকৈ পিটিকি-মুহাৰি, খুটি-নাটি চাই চাই বজাৰ কৰাৰ অভ্যাস (ঘৰৰ মানুহৰ গালি খোৱাৰ পিছতো)নহ’ল! মানুহৰ বেলিকাও মোৰ প্রায় তেনেকুৱা হয়! প্রথম বাৰ লগ পাওঁতেই বা কথা পাতোঁতেই কিছুমান মানুহ ভাল লাগি যায়! কিছুমান মানুহ আক’ কথা নাপাতিলেও কিবা দেখিব মন নোযোৱা বিধৰ হয়! আৰু এই যে ভাল লাগে, ভাল লগাৰ পিছতহে তেওঁৰ বিষয়ে অলপ জানি-বুজি লোৱাটো মোৰ অভ্যাস! কাৰোবাক জানি-বুজি লৈহে ভাল পোৱাটো মোৰ স্বভাৱ নহয়! আৰু এবাৰ ভাল বুলি বুজি লোৱা কাৰোবাক মোৰদ্বাৰা বেয়া বোলা নাযায়, যদিও তেনে কাৰোবাৰ প্রতিটো কথাতে মই সহমত নহ’বও পাৰো! 

(এই যে মানুহে কয় “এই মানুহটো বৰৰৰ কি...বা হে!” ময়ো চাগে’ তেনেকুৱাই “কি...বা”!! :) ) 

 

“বালা”ৰ মূৰত ধৰি গজা চিন্তাবোৰঃ 

অলপতে বলিউডৰ “বালা” নামৰ চিনেমাখন চালোঁ। মোৰ খুব ভাল লাগিল, হয়তোবা মোৰ কিছু চিন্তা চিনেমাৰ কাহিনীৰ স’তে মিল থকাৰ বাবেই ভাল লগাখিনি অলপ বেছি আছিল! আপুনিও হয়তো চিন্তাৰ মিল পাব কাৰণ আমি বহুতেই কথাবোৰ তেনেকৈয়ে ভাবোঁ! ময়ো কওঁ_ ভুলে-দোষে নিজে নিজক গ্রহণ কৰি ল’ব পৰাতেই সন্তুষ্টি! চিনেমাখনতো অলপ একেই কথা কৈছে_ আমি আচলতে যি, দেখিবলৈ যেনে; সেই ধৰণেৰেই নিজক গ্রহণ কৰি লোৱাতেই সুখ! 

কেৱল চিনেমাখন চোৱাৰ বাবেই বুলি নহয়, দৈনন্দিন জীৱনত বহুবাৰ এই কথা প্রতিপন্ন হৈছে যে মানুহ ধুনীয়া হ’বই লাগিব! সেইটো যিকোনো কামৰ বাবে প্রাথমিক চর্তৰ দৰে! অহংকাৰ বা গপচ বুলি নকওঁ (কিজানি কোনোবাই ক’ৰবাত আঘাত পায়! :) ); ধুনীয়া মানুহৰ আত্মবিশ্বাস দেখিবলৈ এলাগী মানুহ এজনতকৈ ভালেমান বেছি, কেৱল মাত্র দেখিবলৈ ধুনীয়া হোৱাৰ বাবেই! আৰু আপুনি যদি দেখিবলৈ ধুনীয়া নহয় তেন্তে আপুনি আপোনাৰ কামেৰে নিজক ধুনীয়া কৰি ল’বই লাগিব! নহ’লে আপুনি অনেক চকুৰ কিছুমান ভাষা, আনে মুকলিকৈ নোকোৱা অনেক কথাৰ সাৰমর্ম হজম কৰাৰ ধৈর্য ৰাখিব পাৰিবই লাগিব! মোকো কোনো কোনোৱে কয় “ধুনীয়া মনৰ ছোৱালী” বুলি! ইয়ে এই কথাটোও নুবুজায় জানো যে মই দেখাত বৰ এটা ভাল নহয়? সেইবুলি সেই কথাটোকে লৈ মই দুখী নহয় বাৰু। আমাৰ সমাজতো প্রচলিত প্রবচন “ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে”। এইবোৰ এতিয়া আওপুৰণি কথা! এতিয়া বজাৰত সৰহ মূল্য পোৱা, চাহিদা থকা প্রথম ‘গুণ’টোৱেই হ’ল দেখিবলৈ “ধুনীয়া” হোৱা! উদাহৰণ দি শেষ কৰিব নোৱাৰি… নিজেই হিচাপ এটা কৰি লওক! ক’ত নাই ধুনীয়া! … গীতৰ কথাত, চিনেমাৰ কাহিনীত, উৰাজাহাজত, হস্পিটেলত, নামী-দামী হোটেলত, জন্ম হোৱা নৱজাতক, বিবাহৰ দৰা-কইনা, প্রকৃতিৰ ৰূপ… আনকি বজাৰৰ ফল-মূল, শাক-পাছলি, মাছ-পুঠিটো লৈকে!! (কিছুমানত বাৰু ‘ধুনীয়া’টোৰ লগতে ‘ভাল’টোও লগতে লাগি থকাটো জৰুৰী!) বাকীবোৰ ইয়াৰ পিছত! 

আপুনি যদি ধুনীয়া মানুহ, কথাবোৰ পঢ়ি হয়তো মোৰ চিন্তাবোৰ স্থুল বুলি বেঁকা হাঁহি এটা মাৰিব! কিন্তু আপুনি হাজাৰে ভাল মানুহ হ’লেও (যদি আপুনি পুৰুষ) ক’লী-ম’লী, দেখাত কুন্ধচ ছোৱালী এজনী আজীৱনলৈ চপাই নলয়, লাগিলে তাই যিমানেই ভাল নহওক! যদি আপুনি ধুনীয়া ছোৱালী, আপুনিও কুন্ধচ মানুহ এজনক নিজৰ কৰি নলয় (অৱশ্যে কিছুমানৰ ক্ষেত্রত হয়তো “চ’চিয়েল প’জিচন” আৰু ধনৰ পৰিমাণেও এই ক্ষেত্রত প্রভাৱ পেলায়!) আৰু আপুনি যদি অলপমান দেখাত মোৰ দৰেই “যেন-তেন-চলি যোৱা বিধৰ” (নিজক এলাগী বুলি ক’বলৈও বেয়া পাইছো যে! :) ) তেন্তে হয়তো এখন্তেক ভাবিব… ‘এৰা’ বুলি হুমুনিয়াহ এটা ওলাই নোযোৱালৈকে! 

দুজন ধুনীয়া মানুহৰ মাজত যেতিয়া একেলগে এজন এলাগী মানুহ বহি থাকে তেতিয়া আমাৰ প্ৰথম, সাধাৰণ ধাৰণাটো হ'ব দুজন মানুহ ধুনীয়া আৰু এজন দেখিবলৈ বেয়া (যেতিয়ালৈকে আমি তেওঁলোকৰ চেহেৰাটোৰ বাদে একোকে নাজানো।) ধুনীয়া মানুহ দুজনে আনজনক ধুনীয়া কৰিব পৰা নাই! কিন্তু দেখিবলৈ বেয়া মানুহজনৰ উপস্থিতিয়ে ধুনীয়া মানুহ দুজনক আৰু ধুনীয়া কৰি তুলিছে! ... আমি এতিয়াও ধুনীয়া মানে বগা, ক’লা মানে এলাগী বুলি জানো; চুলিবোৰ কেঁকুৰা হ’লে বেয়া, পোন হ’লেহে ধুনীয়া বুলি মানো! .. বাকী লিষ্টখন সকলোৱে জানেই, নহয়জানো? 

আপুনি ইয়াকে ভাবি দুখ নকৰিব যে দেখিবলৈ বেয়া বুলি কৈ আপোনাক মই নেতিবাচক চিন্তা কৰিবলৈ উৎসাহিত কৰিছো বা আপোনাক হীনমন্যতাত ভুগিবলৈ ইন্ধন যোগাইছোঁ! ওঁহো! মুঠেও নহয়! মই আপোনাক ক’ব খোজা কথাটো হ’ল আপুনি যদি দেখাত ধুনীয়া তেন্তে আপোনাৰ আধা কাম সিজিয়েই গ’ল! ইয়াক এতিয়া আপুনি কোনবোৰ ধুনীয়া কামত ব্যৱহাৰ কৰি নিজকে আৰু ধুনীয়া কৰে সেইটো আপোনাৰ কথা! আৰু আপুনি যদি দেখাত প্রায় সুবিধাজনক বা বৰ এটা ঠিক নহয় তেন্তে হীনমন্যতাতেই হওক বা হতাশাত ভুগিয়েই হওক (আপোনাৰ চৌপাশে অনেক ওলাব যি এইটো আপোনাক অনুভৱ কৰোৱাই থাকিব) মূৰে-কপালে হাত দি অকামিলা হৈ বহি নাথাকিব। আপুনি এনেকুৱা কাম কৰক যি আপোনাক ধুনীয়া কৰি তুলি ধৰে, য’ত আপোনাৰ চেহেৰাটো গৌণ হৈ পৰিব! আপুনি ছক্রেটিছ, আব্দুল কালাম বা সৌৰভ চলিহা হ’ব নালাগে; আপুনি অলপমান কষ্ট কৰি “আপুনি” হওক! কোনে জানে, এদিন হয়তো আপুনি সেই আপোনাৰ দুয়োকাষে বহি থকা ধুনীয়া মানুহ দুজনতকৈ অধিক ধুনীয়া হৈ উঠিছে! 

কাইলৈৰ বাবে কিয় ৰ’ব লাগে! আজিৰপৰাই ধুনীয়া হওক... ... ময়ো চেষ্টা কৰিম! ... নতুন বছৰটো সকলোৰে বাবে “ধুনীয়া” হৈ আহক... শুভকামনা! :) :)

 

 

Post a Comment

0 Comments