১/
অন্ধকাৰৰ ছিৰিয়েদি গুচি যায় সিহঁত
সকলো শব্দই তো কথা ক’ব নোৱাৰে!
শূন্য নাদৰ ভিতৰত মুক্ত শূন্যতা
আৰম্ভ হয় দুখৰ বিলাস!
(প্রতিধ্বনিবোৰে ফেঁকুৰি থাকে)
২/
তই অন্তহীন কবিতা এটা
আওৰাই থাকো, আওৰাই থাকো
আমনি নালাগে!
তই শেতেলীৰ সপোন এটা
খেপিয়াই থাকো, খেপিয়াই থাকো
চুই চাব নোৱাৰো!
তই নদী।
আৰু মই?
(মই মোক বিচাৰি আছো)
৩/
একুৰিয়ামৰ মাছটো
ঘূৰি ফুৰে, ঘূৰি ফুৰে
ভৱিষ্যত নাইকিয়া ঘূৰণীয়া বাটটোৰে,
মাজে মাজে মৰাশটো উপঙি থাকে!
(উশাহবোৰ ঘূণীয়া হয়)
0 Comments