শেষ(!) ক’লাজ

নতুন বছৰৰ শুভকামনাৰে

_________ যাওঁ বুলিলেই গুচি যায় সময়! উভতি নাহিবলৈ দিনবোৰ গুচি যায়। যাওঁ বুলি কৈ গ’লে অপেক্ষাবোৰ ভাল লগা হয়!!!

আখৰবোৰেও কেতিয়াবা হীনমন্যতাত ভোগে! জোঁটনিতেই যদি হয় খেলিমেলি, শব্দ কেনেকৈ গঢ়ে! নহয়গৈ! আখৰৰ জোঁটনি মিলাই মিলাই শব্দবোৰ ঘঁহি-পিহি মিহি কৰোতেই চিয়াঁহী শেষ হৈ অনুভৱবোৰ মৰি থাকে! তথাপিও...

বছৰটো শেষেই হ’বৰ হ’ল! বুজি নাপাওঁ আহিব লগা বছৰটো নতুন হ’ব, নে গুচি যোৱা বছৰটো পুৰণি হ’ব!

শীত! পুৱাই পুৱাই গাত পানী ঢালিবলৈকে ভয় লাগে। উসঃ! চিৰিকণি এচাৰিৰ কোব পৰাৰ দৰে লাগে! জেকেট, চুৱেটাৰ, অভাৰকোট, টুপী, মার্ফলাৰ, জোতা-মোজা, হাতমোজা, ৰুম-হিটাৰ, গৰম পানী... ... চহৰখনলৈ শীত বাৰুকৈয়ে নামিছে। গধূলি অ’ত ত’ত একুৰাকৈ জুই জ্বলে। হাত-ভৰি সেকি কথা পাতে বহুজনে__ নিজৰ, চুবুৰীয়াৰ, দেশৰ, অভাৱৰ, শোষণৰ, চিনেমাৰ, শ্বেয়াৰ-ষ্টকৰ, ৰাজনীতি, কেজৰিৱাল... অলেখ কথা।

ময়ো কেতিয়াবা খৰকৈ পাৰ হৈ যাওঁ চাৰিআলিটো! মানুহটো তাতেই বহি থাকে! এটাই নহয়। আৰু বহুকেইটা! ডাঙৰ দাষ্টবিনটোৰ ওচৰত, বজাৰৰ শেষ গ’লিটোৰ মুখত, এইচ এচ ৰোডত, এ এম চিৰ গেটত... সিহঁতক দেখিলেই খোজবোৰ খৰ হয় মোৰ! কেনেকৈ থাকে গাত ফটা কাপোৰ এখন ওলোমায়! নিলাজ জাৰ বোৰে চেলেকি চাই সিহঁতৰৰ অর্ধ উলংগ শৰীৰ! জাৰক উদ্দ্যেশি গাৰ কাপোৰকণৰ ব্যংগ হাঁহি! গৰম কাপোৰে ঢাকি থোৱা মোৰ শৰীৰে লাজ পায়... আৰু মোৰ খোজবোৰ খৰ হয়! ... ইমান নিঃকিন মই!

চহৰখন গাভৰু হয়! বগা বগা ইউনিফর্মৰ ওপৰত নানা ৰঙৰ উমাল আৱৰণ! তাতে কমলা, নীলা, মেৰুণ, কেতিয়াবা বগা ৰঙৰ পাখি গজে... কলেজকেইখন চঞ্চল হৈ উঠে! ধুনীয়া ছোৱালীবোৰে চহৰখনকেই ধুনীয়া কৰি তুলে। চুলিবোৰ পোন হ’ল আজিকালি! উঠন বুকু ঢাকি লাজ কৰাৰ দিনবোৰ নোহোৱা হ’ল! প্রেম মুকলি হ’ল, চঞ্চল হ’ল, সাহসী হ’ল (আৰু হয়তো ক্ষণস্থায়ী)! দূৰত্ববোৰ কমিল (নে বাঢ়িল!) ক’ফি হাউচৰ সংখ্যা বাঢ়িল। আড্ডাবোৰ কমিল। চিগাৰেটৰ ধোঁৱা উলিয়াই ডেকা হোৱা বয়সবোৰ কমি গ’ল। ল’ৰাবোৰ সোনকালে ডেকা হোৱা হ’ল! ভার্চিটিৰ বতাহজাকো আগৰ গহীন গহীন ভাৱ এৰি চঞ্চল হ’ল! নাহৰকেইজোপাৰ বয়স হ’ল! ... আমিবোৰ পুৰণি হ’লো!

চহৰখনলৈ এনেকৈয়ে শীত আহে, বসন্ত আহে... প্রতিটো ঋতুয়ে চুই যায় চহৰখনৰ অলি-গ’লি... সকলো। লৈ আহে বছৰে বছৰে নতুন বছৰ! শীতত গছবোৰ নাঙঠ হয়, ধূলি জোকাৰি বসন্তত নতুন সাজ পিন্ধে, চহৰখন প্রেম প্রেম গোন্ধায়, পচোৱা আহে... দুৱৰিৰ স’তে নিয়ৰৰ সাৱটা-সাৱটি, শেৱালি সৰে, কহুৱা ফুলে, জোনাক আহে... আৰু... আৰু চোতালৰ সাধুবোৰ হেৰায়... Once upon a time… এসময়ত এখন দেশত এজন ৰজা আছিল... সময়ৰ সাধুবোৰ সোঁৱৰণি হয়... নতুন মানে নতুন কেলেণ্ডাৰ এখন মাথোঁ!

উপহাৰ__সময়!! এইযে আপোনালৈ থোৱা মহঙা সময়ৰে অকণমান মোলৈ বুলি চান্ কাঢ়ি থয়, ঋণী আপুনি হ’লনে মই? ময়ো যদি কৰিবলৈ লওঁ হিচাপ? আপোনাৰ নামতেই থকা মোৰ যি কণ উশাহ মোলৈ বুলি থৈছিলো সেইয়াও আজি আপোনাকেই দি দিলো। এইবোৰৰ দাম দোকানত বিচাৰি নুফুৰিব আক’ দৰ-দাম কৰিবলৈ! আপুনি দিয়া সময়বোৰৰ বাদে মোৰ ওচৰত মূল্যৱান আন একোৱেই নাই! হিচাবী হ’বলৈ মই নিশিকিলো কেতিয়াওঁ। বতাহত চিলাখন এৰিহে দিওঁ। চিলাখনৰ সূতাডাল কেতিয়া টানি ধৰিব লাগে, কেতিয়া ধিলাই দিব লাগে হাতৰ আঙুলিকেইটাই উমানেই নাপালে আজিও! অথচ ভাৱি থাকিলো চিলাখন মোৰেই, ময়েই উৰুৱাই আছো______মূখৰ কথাবোৰ ওলায়েই যায়। কথাবোৰে কাক ক’ত খুন্দিয়াই কি কি ভাঙিলে কোনে হিচাপ ৰাখে! বজাৰত হৃদয় আৰু সম্পর্ক মূল্যহীন__ তেতিয়াও, এতিয়াও!

কাক বুজাম, কোনে বুজিব নিজেই যেতিয়া নিজক নুবুজো! মনটোক বান্ধি ৰাখো! মনক জানো বান্ধিব পৰা জৰী আছে ক’ৰবাত? যিমানেই বান্ধো সিমানেই উৰে! এৰি দিওঁ সেয়ে। উৰি উৰি ভাগৰ লাগিলে উভতি আহে মোৰ কাষলৈকে। সম্পর্কবোৰো একেই কিজানি! সদায় চেষ্টা কৰো ধৰি ৰাখিবলৈ! আৰু সময়ে সদায় প্রতিপন্ন কৰে মোৰ__ পাগলামীক, বুর্বকামীক, অঁকৰামীক! চেঃ!

সংজ্ঞাৰ মাজত একোকেই ৰাখিব নোৱাৰি; না সুখক না দুখক, না বেয়া পোৱাক না ভালপোৱাক! আছে জানো ইহঁতৰ কিবা ব্যাকৰণ? কিবা নীতি নিয়ম? Love is a game: manipulations of emotions! হাঃ! কোনে কয় এনেকৈ? কোনে কয়? নাজানো, নাজানো। বহুত কথা নাজানিলেই ভাল কিজানি! জানিব খোজিলেও আউল লাগে। সুখ য’তে ত’তে! দুখো য’তে ত’তে। বুটলিলেই হ’ল!

পৃথিৱী পোহৰালেও জোন সদায় আকাশৰেই। অনুভৱবোৰক এৰি দি মুকলি কৰি দিবলৈ ভয় লাগে আজিকালি। মোৰ অজানিতেই হয়তো ইহঁতে বহুতকে খুন্দিয়াই জখমী কৰে! আঘাতবোৰতো মই নেদেখো! অথচ কথাবোৰ মোৰ, ময়েই পাতো মোৰ স’তে। কাৰোৰে একো অনিষ্ট নকৰাকে কাৰোবাৰ অকণমান সুখৰ বাবে/ এটা মাথোঁ হাঁহিৰ বাবে কৰা কোনো কামেই মোৰ বাবে ভুল/বেয়া/অবৈধ কেতিয়াও নহয়। হয়তো এইখিনিতে মই স্বার্থপৰ হ’লো! মোৰ আৱেগবোৰ সদায় আগত আছিল, হিচাবী যে নাছিলো! নিচলা আছিলো অথচ লোৱাতকৈ দি ভাল পাইছিলো! কিন্তু ধৰুৱা কৰিব বিচৰা নাছিলো কাকোৱেই! নিজক শুদ্ধ বুলি ভাবি থকাটোৱেই হয়তো মোৰ ভুল আছিল। ভাৱনাবোৰকতো আমি বাধা দিব নোৱাৰো! কিন্তু মই ভবাৰ দৰেই, বিচৰাৰ দৰেই সকলোৱেতো নিবিচাৰে/নাভাবে!

সলনি হ’ব নোৱাৰো কেতিয়াও। তাৰবাবে যদি দোষী হৈ ৰওঁ ক’ৰবাত, সেইয়া মানি ল’ম। সময়ৰ বাদে যে সলনি একোৱেই নহয়... আৰু মই বিচাৰি ফুৰো সলনি নোহোৱা সময়!! সময় সময়ৰ বাদে আন কাৰোৰে নহয়! বিদায় মানেই যদি অতীত নহয়, অতীত মানেই পাহৰণি নহয়... সেয়ে নিজৰ ওচৰলৈ উভতি আহি ময়ো উভতি নহা অতীত হ’ব বিচাৰিছো! আশা নকৰাকৈ বাট চাব পাৰি তো!!!... আপোনালোক কুশলে থাকক। শুভ নৱবর্ষ!


Post a Comment

0 Comments